ছূৰা 4 · জুজ 5
An-Nisa · 4:105
إِنَّا أَنْزَلْنَا إِلَيْكَ الْكِتَابَ بِالْحَقِّ لِتَحْكُمَ بَيْنَ النَّاسِ بِمَا أَرَاكَ اللَّهُ ۚ وَلَا تَكُنْ لِلْخَائِنِينَ خَصِيمًا
নিশ্চয় আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি বিশ্বাস ভঙ্গকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।
তাফছীৰ
হে ৰাছুল! আমি আপোনাৰ প্ৰতি সত্যৰ আধাৰত কোৰআন অৱতীৰ্ণ কৰিছো, যাতে আপুনি মানুহৰ সকলো বিষয় আল্লাহ প্ৰদত্ব জ্ঞানৰ দ্বাৰা ফয়চালা কৰিব পাৰে, নিজৰ আকাংখা তথা প্ৰবৃত্তিৰ চাহিদা অনুযায়ী নহয়। লগতে যিসকলে নিজৰ প্ৰতি আৰু আমানতৰ প্ৰতি বিশ্বাসঘাতকতা কৰে আপুনি সেইসকল লোকৰ পক্ষ লৈ সিহঁতৰ পৰা অধিকাৰ প্ৰাপ্তসকলক আঁতৰ নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক