ছূৰা 4 · জুজ 5
An-Nisa · 4:104
وَلَا تَهِنُوا فِي ابْتِغَاءِ الْقَوْمِ ۖ إِنْ تَكُونُوا تَأْلَمُونَ فَإِنَّهُمْ يَأْلَمُونَ كَمَا تَأْلَمُونَ ۖ وَتَرْجُونَ مِنَ اللَّهِ مَا لَا يَرْجُونَ ۗ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا
আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
হে মুমিনসকল! কাফিৰ শত্ৰুৰ চোঁচা লওঁতে দুৰ্বলতা আৰু অৱহেলা নকৰিবা। যদি তোমালোকে হত্যা আৰু আঘাতৰ ফলত কষ্ট পাই আছা, তেন্তে সিহঁতেও তোমালোকৰ দৰেই কষ্ট পাইছে। গতিকে এনে পৰিস্থিতিত সিহঁতৰ ধৈৰ্য তোমালোকৰ ধৈৰ্যতকৈ বেছি হোৱা উচিত নহয়। কিয়নো তোমালোকে আল্লাহৰ ওচৰত যি ছোৱাব, সহায় আৰু সমৰ্থন আশা কৰা, সেইটো সিহঁতে আশা নকৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ অৱস্থা সম্পৰ্কে অৱগত। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক