ছূৰা 39 · জুজ 24
Az-Zumar · 39:75
وَتَرَى الْمَلَائِكَةَ حَافِّينَ مِنْ حَوْلِ الْعَرْشِ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ ۖ وَقُضِيَ بَيْنَهُمْ بِالْحَقِّ وَقِيلَ الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
আৰু তুমি ফিৰিস্তাসকলক দেখিবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে ঘেৰি ধৰি নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। তেওঁলোকৰ মাজত ন্যায়ৰ সৈতে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য’।
তাফছীৰ
কিয়ামতৰ দিনা ফিৰিস্তাসকলে মহাসিংহাসনক অৰ্থাৎ আৰছক পৰিবেষ্টন কৰি থাকিব। কাফিৰসকলে তেওঁক যিবোৰ অনুচিত বিষয়ৰ সৈতে সম্পৃক্ত কৰে, সেইবোৰৰ পৰা তেওঁলোকে তেওঁক পৱিত্ৰ ঘোষণা কৰিব। আল্লাহে গোটেই সৃষ্টিজগতৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰিব। এতেকে যিয়ে সন্মানৰ উপযুক্ত তাক সন্মান প্ৰদান কৰিব আৰু যিজন শাস্তিৰ উপযুক্ত তাক শাস্তি বিহিব। কোৱা হ’বঃ সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, তেৱেঁই মুমিন বান্দাসকলৰ পক্ষত দয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাফিৰসকলৰ বাবে শাস্তিৰ সিদ্ধান্ত লৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক