ছূৰা 39 · জুজ 24

Az-Zumar · 39:74

وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي صَدَقَنَا وَعْدَهُ وَأَوْرَثَنَا الْأَرْضَ نَتَبَوَّأُ مِنَ الْجَنَّةِ حَيْثُ نَشَاءُ ۖ فَنِعْمَ أَجْرُ الْعَامِلِينَ

আৰু তেওঁলোকে (প্ৰৱেশ কৰি) ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি সত্য হিচাপে বাস্তবায়িত কৰিছে আৰু আমাক এই ভূমিৰ অধিকাৰী কৰিলে, আমি জান্নাতত য’তে ইচ্ছা ত’তেই বসবাসৰ ঠাই কৰি লম’। এতেকে (চোৱা) নেক আমলকাৰী সকলৰ পুৰষ্কাৰ কিমান যে উত্তম!

তাফছীৰ

মুমিনসকলে জান্নাতত প্ৰৱেশ কৰি ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই ৰাছুলসকলৰ মাধ্যমত আমালৈ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰিছে। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে, আমাক জান্নাতত প্ৰৱেশ কৰাব আৰু জান্নাতৰ ভূমিৰ উত্তৰাধিকাৰী কৰিব। তাত আমি য’ত ইচ্ছা ত’তেই অৱস্থান কৰিব পাৰিম। এতেকে যিসকল লোকে নিজ প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ সৎকৰ্ম কৰে, তেওঁলোকৰ প্ৰতিদান কিমান যে উত্তম!

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক