ছূৰা 39 · জুজ 24
Az-Zumar · 39:72
قِيلَ ادْخُلُوا أَبْوَابَ جَهَنَّمَ خَالِدِينَ فِيهَا ۖ فَبِئْسَ مَثْوَى الْمُتَكَبِّرِينَ
কোৱা হ’ব, ‘তোমালোকে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা তাত স্থায়ীভাৱে থকাৰ বাবে। এতেকে অহংকাৰী বিলাকৰ আবাসস্থল কিমান যে নিকৃষ্ট!
তাফছীৰ
সিহঁতক অপমানিত কৰি তথা আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি, লগতে জাহান্নামৰ পৰা উলিওৱাৰ আশাত চেঁচা পানী ঢালি সিহঁতক কোৱা হ’বঃ জাহান্নামত প্ৰৱেশ কৰা, এইটোৱে তোমালোকৰ চিৰস্থায়ী বাসস্থান। সত্যৰ পৰা অহংকাৰ কৰা লোকসকলৰ এই ঠিকনা কিমান যে নিকৃষ্ট ঠিকনা!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক