ছূৰা 39 · জুজ 24

Az-Zumar · 39:71

وَسِيقَ الَّذِينَ كَفَرُوا إِلَىٰ جَهَنَّمَ زُمَرًا ۖ حَتَّىٰ إِذَا جَاءُوهَا فُتِحَتْ أَبْوَابُهَا وَقَالَ لَهُمْ خَزَنَتُهَا أَلَمْ يَأْتِكُمْ رُسُلٌ مِنْكُمْ يَتْلُونَ عَلَيْكُمْ آيَاتِ رَبِّكُمْ وَيُنْذِرُونَكُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا ۚ قَالُوا بَلَىٰ وَلَٰكِنْ حَقَّتْ كَلِمَةُ الْعَذَابِ عَلَى الْكَافِرِينَ

আৰু কাফিৰসকলক জাহান্নামৰ ফালে দলে দলে খেদি লৈ যোৱা হ’ব। অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি পাব তেতিয়া ইয়াৰ দুৱাৰসমূহ খুলি দিয়া হ’ব আৰু জাহান্নামৰ ৰক্ষকসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুল অহা নাছিলনে, যিসকলে তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ আয়াতসমূহ তিলাৱত কৰিছিল আৰু এই দিৱসৰ সাক্ষাত সম্পৰ্কে তোমালোকক সতৰ্ক কৰিছিল’? সিহঁতে ক’ব, ‘অৱশ্যে হয়’। কিন্তু শাস্তিৰ বাণী কাফিৰসকলৰ ওপৰত সাব্যস্ত হৈছে।

তাফছীৰ

ফিৰিস্তাসকলে আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলক লাঞ্ছিত অপমানিত গোটত বিভিক্ত কৰি জাহান্নামৰ পিনে খেদি লৈ যাব। অৱশেষত যেতিয়া জাহান্নামৰ দুৱাৰডলিত গৈ সিহঁত উপস্থিত হ’ব তেতিয়া তাত নিয়োজিত ৰক্ষক ফিৰিস্তাই জাহান্নামৰ দুৱাৰ খুলি দিব আৰু সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই কোনো ৰাছুল প্ৰেৰিত হোৱা নাছিল নেকি, যিয়ে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ আয়াতসমূহ তিলাৱত কৰি শুনাইছিল, আৰু কিয়ামত দিৱসৰ সাক্ষাৎ আৰু ইয়াৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল”? তেতিয়া কাফিৰসকলে এই কথা স্বীকাৰ কৰিব ক’বঃ হয়, নিশ্চয় আহিছিল, আৰু তেওঁলোকে এই যাৱতীয় দায়িত্ববোৰও পালন কৰিছিল। কিন্তু যিহেতু কাফিৰসকলৰ বিষয়ে শাস্তিৰ সিদ্ধান্ত চূড়ান্ত হৈছে, গতিকে আমিও কাফিৰ আছিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক