ছূৰা 39 · জুজ 24

Az-Zumar · 39:55

وَاتَّبِعُوا أَحْسَنَ مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَكُمُ الْعَذَابُ بَغْتَةً وَأَنْتُمْ لَا تَشْعُرُونَ

আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি উত্তম (পুথি) অৱতীৰ্ণ কৰা হৈছে, সেয়ে তোমালোকৰ ওপৰত অতৰ্কিতভাৱে শাস্তি অহাৰ পূৰ্বেই তোমালোকে তাৰ অনুসৰণ কৰা, অন্যথা (সেই শাস্তি এনেকৈ আহিব যে) তোমালোকে উপলব্ধিও কৰিব নোৱাৰিবা।

তাফছীৰ

তথা সেই কোৰআনৰ অনুসৰণ কৰা, যিখন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা উত্তম বাণী। এতেকে তোমালোকে ইয়াৰ আদেশসমূহ পালন কৰা আৰু ইয়াত বৰ্ণিত নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থকা। সেই শাস্তি অহাৰ পূৰ্বেই যিটো আকস্মিক আহিব, তোমালোকে অনুমানো কৰিব নোৱাৰিবা। লগতে তাওবা কৰি ইয়াৰ বাবে প্ৰস্তুতিও লব নোৱাৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক