ছূৰা 39 · জুজ 24
Az-Zumar · 39:46
قُلِ اللَّهُمَّ فَاطِرَ السَّمَاوَاتِ وَالْأَرْضِ عَالِمَ الْغَيْبِ وَالشَّهَادَةِ أَنْتَ تَحْكُمُ بَيْنَ عِبَادِكَ فِي مَا كَانُوا فِيهِ يَخْتَلِفُونَ
কোৱা, ‘হে আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে’।
তাফছীৰ
হে ৰাছুল! আপুনি কওক, হে আল্লাহ! তুমিয়েই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, প্ৰকাশ্য অপ্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তুৱেই গোপন নহয়, একমাত্ৰ তুমিয়েই কিয়ামতৰ দিনা বান্দাসকলৰ মাজত মীমাংসা কৰিবা, যিবোৰ বিষয়কলৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে সেইদিনা তুমিয়েই সত্য আৰু অসত্যৰ মাজত, তথা সৌভাগ্যশালী আৰু দুৰ্ভগীয়াৰ মাজত পাৰ্থক্য কৰি দিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক