ছূৰা 39 · জুজ 24

Az-Zumar · 39:45

وَإِذَا ذُكِرَ اللَّهُ وَحْدَهُ اشْمَأَزَّتْ قُلُوبُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ ۖ وَإِذَا ذُكِرَ الَّذِينَ مِنْ دُونِهِ إِذَا هُمْ يَسْتَبْشِرُونَ

আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্ল হয়।

তাফছীৰ

যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয়, তেতিয়া সেইসকল মুশ্বৰিকৰ অন্তৰ সংকীৰ্ণ হৈ পৰে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে তথা পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদানকো বিশ্বাস নকৰে। পক্ষান্তৰে যেতিয়া সেই মূৰ্ত্তিবোৰৰ বিষয়ে উল্লেখ কৰা হয় যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক