ছূৰা 39 · জুজ 24

Az-Zumar · 39:36

أَلَيْسَ اللَّهُ بِكَافٍ عَبْدَهُ ۖ وَيُخَوِّفُونَكَ بِالَّذِينَ مِنْ دُونِهِ ۚ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ

আল্লাহেই তেওঁৰ বান্দাৰ বাবে যথেষ্ট নহয় নে? অথচ সিহঁতে তোমাক আল্লাহৰ পৰিবৰ্তে আনৰ ভয় দেখুৱায়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই।

তাফছীৰ

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাৰ্মিক আৰু পাৰ্থিৱ হিতসমূহক ৰক্ষা কৰিবলৈ আৰু তেওঁক শত্ৰুসকলৰ পৰা সুৰক্ষা দিবলৈ আল্লাহেই যথেষ্ট নহয়নে? কিয় নহয়, নিশ্চয় তেৱেঁই যথেষ্ট। হে ৰাছুল! ইহঁতে অজ্ঞানতা আৰু মুৰ্খতাৰ ফলত আপোনাক সিহঁতৰ মূৰ্ত্তিবোৰৰ পৰা ভয় দেখুৱায় যে, সেইবোৰে আপোনাক ক্ষতি কৰিব যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। আল্লাহে যাক নিলগীয়া কৰে তথা হিদায়তৰ তাওফীক নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে আৰু ইয়াৰ তাওফীকো দিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক