ছূৰা 39 · জুজ 23
Az-Zumar · 39:20
لَٰكِنِ الَّذِينَ اتَّقَوْا رَبَّهُمْ لَهُمْ غُرَفٌ مِنْ فَوْقِهَا غُرَفٌ مَبْنِيَّةٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ وَعْدَ اللَّهِ ۖ لَا يُخْلِفُ اللَّهُ الْمِيعَادَ
কিন্তু যিসকলে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে বহুতো অট্টালিকা যাৰ ওপৰত নিৰ্মিত আৰু অট্টালিকা, যাৰ তলত নদীসমূহ প্ৰবাহিত; এইটো আল্লাহৰ প্ৰতিশ্ৰুতি, আল্লাহে নিজ প্ৰতিশ্ৰুতিৰ বিপৰীত নকৰে।
তাফছীৰ
পক্ষান্তৰে যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে সুউচ্চ বহুতো অট্টালিকা। কিছুমান আন কিছুমানতকৈ ওখ হ’ব। সেইবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। এই প্ৰতিশ্ৰুতি আল্লাহে তেওঁলোকক প্ৰদান কৰিছে। নিশ্চয় আল্লাহে কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক