ছূৰা 39 · জুজ 23
Az-Zumar · 39:19
أَفَمَنْ حَقَّ عَلَيْهِ كَلِمَةُ الْعَذَابِ أَفَأَنْتَ تُنْقِذُ مَنْ فِي النَّارِ
যাৰ ওপৰত শাস্তিৰ আদেশ সাব্যস্ত হৈছে, তুমি তাক ৰক্ষা কৰিব পাৰিবানে, যিজন জাহান্নামত আছে?
তাফছীৰ
ধাৰাবাহিকভাৱে কুফৰী আৰু বিভ্ৰান্তিত পতিত থকাৰ কাৰণে যিসকলৰ ওপৰত শাস্তি অনিবাৰ্য হৈ পৰিছে, হে ৰাছুল! এনেকুৱা লোকক সুপথত পৰিচালিত কৰিবলৈ আপোনাৰ কোনো কৌশল কামত নাহিব। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আপুনি জাহান্নামৰ পৰা ৰক্ষা কৰিব পাৰিবনে?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক