ছূৰা 39 · জুজ 23
Az-Zumar · 39:17
وَالَّذِينَ اجْتَنَبُوا الطَّاغُوتَ أَنْ يَعْبُدُوهَا وَأَنَابُوا إِلَى اللَّهِ لَهُمُ الْبُشْرَىٰ ۚ فَبَشِّرْ عِبَادِ
আৰু যিসকলে তাগূতৰ ইবাদত পৰিহাৰ কৰে আৰু কেৱল আল্লাহৰ অভিমুখী হয় তেওঁলোকৰ বাবে আছে সুসংবাদ। এতেকে মোৰ বান্দাসকলক সুসংবাদ দিয়া,
তাফছীৰ
যিসকলে মূৰ্ত্তি পূজাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, তথা আল্লাহৰ বাহিৰে উপাসনাকৃত সকলো বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছে, লগতে তাওবা কৰি আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে তেওঁলোকৰ বাবে মৃত্যুৰ সময়ত, কবৰৰ মাজত আৰু কিয়ামতৰ দিনা আছে জান্নাতৰ শুভসংবাদ। হে ৰাছুল! আপুনি মোৰ বান্দাসকলক সুসংবাদ দিয়ক।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক