ছূৰা 39 · জুজ 23

Az-Zumar · 39:16

لَهُمْ مِنْ فَوْقِهِمْ ظُلَلٌ مِنَ النَّارِ وَمِنْ تَحْتِهِمْ ظُلَلٌ ۚ ذَٰلِكَ يُخَوِّفُ اللَّهُ بِهِ عِبَادَهُ ۚ يَا عِبَادِ فَاتَّقُونِ

সিহঁতৰ বাবে থাকিব সিহঁতৰ ওপৰত অগ্নিৰ আৱৰণ আৰু তলফালেও থাকিব আৱৰণ। ইয়াৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।

তাফছীৰ

সিহঁতৰ ওপৰত থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ, তথা সিহঁতৰ তলফালেও থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ। এইবোৰ শাস্তিৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক