ছূৰা 38 · জুজ 23

Sad · 38:24

قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِ ۖ وَإِنَّ كَثِيرًا مِنَ الْخُلَطَاءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَقَلِيلٌ مَا هُمْ ۗ وَظَنَّ دَاوُودُ أَنَّمَا فَتَنَّاهُ فَاسْتَغْفَرَ رَبَّهُ وَخَرَّ رَاكِعًا وَأَنَابَ ۩

দাউদে ক’লে, ‘তোমাৰ ভেৰাটোক তেওঁৰ ভেৰাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোক সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলো। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।

তাফছীৰ

তেতিয়া দাঊদ আলাইহিচ্ছালামে দুয়ো পক্ষৰ মাজত মীমাংসা কৰি দিলে আৰু গোচৰ ৰুজু কৰা ব্যক্তিক সম্বোধন কৰি ক’লেঃ তোমাৰ ভাতৃয়ে তোমাৰ দুম্বাজনীক কাঢ়িলৈ নিজৰ দুম্বাবোৰৰ লগত একত্ৰিত কৰিব বিচাৰি তোমাৰ প্ৰতি অন্যায় কৰিছে। প্ৰকৃততে বহুতো অংশীদাৰে ইজনে সিজনৰ অধিকাৰ খৰ্ব কৰি তথা ন্যায়ৰ পৰা বিমুখ হৈ অন্যায়-অত্যাচাৰত লিপ্ত হয়। আনহাতে সৎকৰ্ম কৰা মুমিনসকলৰ বিষয়টো সুকীয়া। তেওঁলোকে নিজৰ অংশীদাৰসকলৰ লগত ন্যায় কৰে, সিহঁতৰ প্ৰতি অন্যায় নকৰে। যদিও এনেকুৱা লোকৰ সংখ্যা অতি তাকৰ। ইপিনে দাঊদ আলাইহিচ্ছালামে বুজি পালে যে, এই বিবাদৰ দ্বাৰা আমি তেওঁক ফিতনাত পতিত কৰিছোঁ। সেয়ে তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ ছাজদাৱনত হ’ল আৰু তেওঁৰ ওচৰত তাওবা কৰিলে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক