ص ۚ وَالْقُرْآنِ ذِي الذِّكْرِ1
চোৱাদ, শপত উপদেশপূৰ্ণ কোৰআনৰ!
بَلِ الَّذِينَ كَفَرُوا فِي عِزَّةٍ وَشِقَاقٍ2
বৰং কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাত নিপতিত হৈ আছে।
كَمْ أَهْلَكْنَا مِنْ قَبْلِهِمْ مِنْ قَرْنٍ فَنَادَوْا وَلَاتَ حِينَ مَنَاصٍ3
ইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছো, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞঁৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।
وَعَجِبُوا أَنْ جَاءَهُمْ مُنْذِرٌ مِنْهُمْ ۖ وَقَالَ الْكَافِرُونَ هَٰذَا سَاحِرٌ كَذَّابٌ4
আৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰত সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।
أَجَعَلَ الْآلِهَةَ إِلَٰهًا وَاحِدًا ۖ إِنَّ هَٰذَا لَشَيْءٌ عُجَابٌ5
‘এওঁ সকলো ইলাহক কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অত্যাশ্চৰ্য বিষয়!’
وَانْطَلَقَ الْمَلَأُ مِنْهُمْ أَنِ امْشُوا وَاصْبِرُوا عَلَىٰ آلِهَتِكُمْ ۖ إِنَّ هَٰذَا لَشَيْءٌ يُرَادُ6
আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি যায় যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এই বিষয়টো উদ্দেশ্যমূলক’।
مَا سَمِعْنَا بِهَٰذَا فِي الْمِلَّةِ الْآخِرَةِ إِنْ هَٰذَا إِلَّا اخْتِلَاقٌ7
আমি আন কোনো ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।
أَأُنْزِلَ عَلَيْهِ الذِّكْرُ مِنْ بَيْنِنَا ۚ بَلْ هُمْ فِي شَكٍّ مِنْ ذِكْرِي ۖ بَلْ لَمَّا يَذُوقُوا عَذَابِ8
‘আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।
أَمْ عِنْدَهُمْ خَزَائِنُ رَحْمَةِ رَبِّكَ الْعَزِيزِ الْوَهَّابِ9
অথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।
أَمْ لَهُمْ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا ۖ فَلْيَرْتَقُوا فِي الْأَسْبَابِ10
অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!
جُنْدٌ مَا هُنَالِكَ مَهْزُومٌ مِنَ الْأَحْزَابِ11
এই বাহিনী তাত অৱশ্যে পৰাজিত হ’ব, পূৰ্বৱৰ্তী দলসমূহৰ দৰে।
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَفِرْعَوْنُ ذُو الْأَوْتَادِ12
ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনে,
وَثَمُودُ وَقَوْمُ لُوطٍ وَأَصْحَابُ الْأَيْكَةِ ۚ أُولَٰئِكَ الْأَحْزَابُ13
আৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও। সিহঁত আছিল একো একোটা বিশাল বাহিনী।
إِنْ كُلٌّ إِلَّا كَذَّبَ الرُّسُلَ فَحَقَّ عِقَابِ14
সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি সাব্যস্ত হৈছিল।
وَمَا يَنْظُرُ هَٰؤُلَاءِ إِلَّا صَيْحَةً وَاحِدَةً مَا لَهَا مِنْ فَوَاقٍ15
আৰু ইহঁত কেৱল আপেক্ষা কৰি আছে এটা বিকট শব্দৰ, যাৰ পিছত কোনো বিৰাম নাথাকিব।
وَقَالُوا رَبَّنَا عَجِّلْ لَنَا قِطَّنَا قَبْلَ يَوْمِ الْحِسَابِ16
আৰু সিহঁতে ক’ব, ‘হে আমাৰ ৰব! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰে প্ৰদান কৰা!’
اصْبِرْ عَلَىٰ مَا يَقُولُونَ وَاذْكُرْ عَبْدَنَا دَاوُودَ ذَا الْأَيْدِ ۖ إِنَّهُ أَوَّابٌ17
সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।
إِنَّا سَخَّرْنَا الْجِبَالَ مَعَهُ يُسَبِّحْنَ بِالْعَشِيِّ وَالْإِشْرَاقِ18
নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলো, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,
وَالطَّيْرَ مَحْشُورَةً ۖ كُلٌّ لَهُ أَوَّابٌ19
আৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলো); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।
وَشَدَدْنَا مُلْكَهُ وَآتَيْنَاهُ الْحِكْمَةَ وَفَصْلَ الْخِطَابِ20
আৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলো আৰু তেওঁক প্ৰদান কৰিছিলো হিকমত আৰু মীমাংসাকাৰী বাগ্মিতা।
۞ وَهَلْ أَتَاكَ نَبَأُ الْخَصْمِ إِذْ تَسَوَّرُوا الْمِحْرَابَ21
আৰু তোমাৰ ওচৰত বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
إِذْ دَخَلُوا عَلَىٰ دَاوُودَ فَفَزِعَ مِنْهُمْ ۖ قَالُوا لَا تَخَفْ ۖ خَصْمَانِ بَغَىٰ بَعْضُنَا عَلَىٰ بَعْضٍ فَاحْكُمْ بَيْنَنَا بِالْحَقِّ وَلَا تُشْطِطْ وَاهْدِنَا إِلَىٰ سَوَاءِ الصِّرَاطِ22
যেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া তেওঁ তেওঁলোকক দেখি ভয় খালে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।
إِنَّ هَٰذَا أَخِي لَهُ تِسْعٌ وَتِسْعُونَ نَعْجَةً وَلِيَ نَعْجَةٌ وَاحِدَةٌ فَقَالَ أَكْفِلْنِيهَا وَعَزَّنِي فِي الْخِطَابِ23
‘নিশ্চয় এওঁ মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈ টা ভেৰা আছে; আৰু মোৰ আছে কেৱল এটা ভেৰা। তথাপিও তেওঁ কয়, ‘সেইটো মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।
قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِ ۖ وَإِنَّ كَثِيرًا مِنَ الْخُلَطَاءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَقَلِيلٌ مَا هُمْ ۗ وَظَنَّ دَاوُودُ أَنَّمَا فَتَنَّاهُ فَاسْتَغْفَرَ رَبَّهُ وَخَرَّ رَاكِعًا وَأَنَابَ ۩24
দাউদে ক’লে, ‘তোমাৰ ভেৰাটোক তেওঁৰ ভেৰাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোক সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলো। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।
فَغَفَرْنَا لَهُ ذَٰلِكَ ۖ وَإِنَّ لَهُ عِنْدَنَا لَزُلْفَىٰ وَحُسْنَ مَآبٍ25
তেতিয়া আমি তেওঁক ক্ষমা কৰি দিলো। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
يَا دَاوُودُ إِنَّا جَعَلْنَاكَ خَلِيفَةً فِي الْأَرْضِ فَاحْكُمْ بَيْنَ النَّاسِ بِالْحَقِّ وَلَا تَتَّبِعِ الْهَوَىٰ فَيُضِلَّكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنَّ الَّذِينَ يَضِلُّونَ عَنْ سَبِيلِ اللَّهِ لَهُمْ عَذَابٌ شَدِيدٌ بِمَا نَسُوا يَوْمَ الْحِسَابِ26
‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছো, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।
وَمَا خَلَقْنَا السَّمَاءَ وَالْأَرْضَ وَمَا بَيْنَهُمَا بَاطِلًا ۚ ذَٰلِكَ ظَنُّ الَّذِينَ كَفَرُوا ۚ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنَ النَّارِ27
আৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰ মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইটো ধাৰণা কেৱল সিহঁতৰ যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।
أَمْ نَجْعَلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ كَالْمُفْسِدِينَ فِي الْأَرْضِ أَمْ نَجْعَلُ الْمُتَّقِينَ كَالْفُجَّارِ28
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সমতুল্য গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম?
كِتَابٌ أَنْزَلْنَاهُ إِلَيْكَ مُبَارَكٌ لِيَدَّبَّرُوا آيَاتِهِ وَلِيَتَذَكَّرَ أُولُو الْأَلْبَابِ29
এখন বৰকতময় পুথি, যিটো আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে মানুহে ইয়াৰ আয়াতসমূহত গভীৰভাৱে চিন্তা কৰে আৰু যাতে বোধশক্তি সম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।
وَوَهَبْنَا لِدَاوُودَ سُلَيْمَانَ ۚ نِعْمَ الْعَبْدُ ۖ إِنَّهُ أَوَّابٌ30
আৰু আমি দাউদক দান কৰিছিলো ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।
إِذْ عُرِضَ عَلَيْهِ بِالْعَشِيِّ الصَّافِنَاتُ الْجِيَادُ31
স্মৰণ কৰা, গধূলি যেতিয়া তেওঁৰ সন্মুখত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হ’ল,
فَقَالَ إِنِّي أَحْبَبْتُ حُبَّ الْخَيْرِ عَنْ ذِكْرِ رَبِّي حَتَّىٰ تَوَارَتْ بِالْحِجَابِ32
তেতিয়া তেওঁ ক’লে, ‘মই দেখুন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছো, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে,
رُدُّوهَا عَلَيَّ ۖ فَطَفِقَ مَسْحًا بِالسُّوقِ وَالْأَعْنَاقِ33
‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।
وَلَقَدْ فَتَنَّا سُلَيْمَانَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِ جَسَدًا ثُمَّ أَنَابَ34
অৱশ্যে আমি ছুলাইমানক পৰীক্ষা কৰিছিলো আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলো এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।
قَالَ رَبِّ اغْفِرْ لِي وَهَبْ لِي مُلْكًا لَا يَنْبَغِي لِأَحَدٍ مِنْ بَعْدِي ۖ إِنَّكَ أَنْتَ الْوَهَّابُ35
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন ৰাজ্য দান কৰা যিটো মোৰ পিছত আন কাৰো বাবে প্ৰযোজ্য নহ’ব। নিশ্চয় তুমি পৰম দাতা’।
فَسَخَّرْنَا لَهُ الرِّيحَ تَجْرِي بِأَمْرِهِ رُخَاءً حَيْثُ أَصَابَ36
তেতিয়া আমি বতাহক তেওঁৰ অধীন কৰি দিলো, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুমন্দভাৱে প্ৰবাহিত হৈছিল,
وَالشَّيَاطِينَ كُلَّ بَنَّاءٍ وَغَوَّاصٍ37
আৰু (অধীন কৰি দিছিলো) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু ছয়তানবোৰকো,
وَآخَرِينَ مُقَرَّنِينَ فِي الْأَصْفَادِ38
শিকলিত আৱদ্ধ আৰু বহুতকে।
هَٰذَا عَطَاؤُنَا فَامْنُنْ أَوْ أَمْسِكْ بِغَيْرِ حِسَابٍ39
এইবোৰ আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ কোনো হিচাব দিব নালাগে।
وَإِنَّ لَهُ عِنْدَنَا لَزُلْفَىٰ وَحُسْنَ مَآبٍ40
আৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।
وَاذْكُرْ عَبْدَنَا أَيُّوبَ إِذْ نَادَىٰ رَبَّهُ أَنِّي مَسَّنِيَ الشَّيْطَانُ بِنُصْبٍ وَعَذَابٍ41
আৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মোক চয়তানে যন্ত্ৰণা আৰু কষ্টত পেলাইছে’,
ارْكُضْ بِرِجْلِكَ ۖ هَٰذَا مُغْتَسَلٌ بَارِدٌ وَشَرَابٌ42
(মই তেওঁক ক’লো,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুবৰ বাবে সুশীতল পানী আৰু পানীয়’।
وَوَهَبْنَا لَهُ أَهْلَهُ وَمِثْلَهُمْ مَعَهُمْ رَحْمَةً مِنَّا وَذِكْرَىٰ لِأُولِي الْأَلْبَابِ43
আৰু আমি তেওঁক দান কৰিলো তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ আৰু বোধশক্তি সম্পন্ন লোকসকলৰ বাবে উপদেশস্বৰূপ।
وَخُذْ بِيَدِكَ ضِغْثًا فَاضْرِبْ بِهِ وَلَا تَحْنَثْ ۗ إِنَّا وَجَدْنَاهُ صَابِرًا ۚ نِعْمَ الْعَبْدُ ۖ إِنَّهُ أَوَّابٌ44
আৰু (আমি তেওঁক আদেশ কৰিলো) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভঙ্গ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্যশীল পাইছিলো। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।
وَاذْكُرْ عِبَادَنَا إِبْرَاهِيمَ وَإِسْحَاقَ وَيَعْقُوبَ أُولِي الْأَيْدِي وَالْأَبْصَارِ45
আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।
إِنَّا أَخْلَصْنَاهُمْ بِخَالِصَةٍ ذِكْرَى الدَّارِ46
নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলো, সেয়া আছিল আখিৰাতৰ স্মৰণ।
وَإِنَّهُمْ عِنْدَنَا لَمِنَ الْمُصْطَفَيْنَ الْأَخْيَارِ47
আৰু নিশ্চয় তেওঁলোক আছিল আমাৰ ওচৰত মনোনীত উত্তম বান্দাসকলৰ অন্যতম।
وَاذْكُرْ إِسْمَاعِيلَ وَالْيَسَعَ وَذَا الْكِفْلِ ۖ وَكُلٌّ مِنَ الْأَخْيَارِ48
আৰু স্মৰণ কৰা, ইছমাঈল, আল-ইয়াচআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।
هَٰذَا ذِكْرٌ ۚ وَإِنَّ لِلْمُتَّقِينَ لَحُسْنَ مَآبٍ49
এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস,
جَنَّاتِ عَدْنٍ مُفَتَّحَةً لَهُمُ الْأَبْوَابُ50
চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত।
مُتَّكِئِينَ فِيهَا يَدْعُونَ فِيهَا بِفَاكِهَةٍ كَثِيرَةٍ وَشَرَابٍ51
তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।
۞ وَعِنْدَهُمْ قَاصِرَاتُ الطَّرْفِ أَتْرَابٌ52
আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।
هَٰذَا مَا تُوعَدُونَ لِيَوْمِ الْحِسَابِ53
এইটো হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।
إِنَّ هَٰذَا لَرِزْقُنَا مَا لَهُ مِنْ نَفَادٍ54
নিশ্চয় এইটো আমি প্ৰদান কৰা ৰিজিক্ব যিটো কেতিয়াও নিঃশেষ নহ’ব।
هَٰذَا ۚ وَإِنَّ لِلطَّاغِينَ لَشَرَّ مَآبٍ55
এইটোৱেই। নিশ্চয় সীমালংঘনকাৰী বিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল,
جَهَنَّمَ يَصْلَوْنَهَا فَبِئْسَ الْمِهَادُ56
জাহান্নাম, তাত সিহঁত অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
هَٰذَا فَلْيَذُوقُوهُ حَمِيمٌ وَغَسَّاقٌ57
এইটোৱেই। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওঁক।
وَآخَرُ مِنْ شَكْلِهِ أَزْوَاجٌ58
আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।
هَٰذَا فَوْجٌ مُقْتَحِمٌ مَعَكُمْ ۖ لَا مَرْحَبًا بِهِمْ ۚ إِنَّهُمْ صَالُو النَّارِ59
এয়া এটা বাহিনী, তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।
قَالُوا بَلْ أَنْتُمْ لَا مَرْحَبًا بِكُمْ ۖ أَنْتُمْ قَدَّمْتُمُوهُ لَنَا ۖ فَبِئْسَ الْقَرَارُ60
অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’
قَالُوا رَبَّنَا مَنْ قَدَّمَ لَنَا هَٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِي النَّارِ61
সিহঁতে ক’ব, ‘হে আমাৰ ৰব! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।
وَقَالُوا مَا لَنَا لَا نَرَىٰ رِجَالًا كُنَّا نَعُدُّهُمْ مِنَ الْأَشْرَارِ62
সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলো সিহঁতক দেখুন (ইয়াত) দেখা পোৱা নাই’।
أَتَّخَذْنَاهُمْ سِخْرِيًّا أَمْ زَاغَتْ عَنْهُمُ الْأَبْصَارُ63
‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলো নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’?
إِنَّ ذَٰلِكَ لَحَقٌّ تَخَاصُمُ أَهْلِ النَّارِ64
নিশ্চয় এইটো বাস্তৱ সত্য, জাহান্নামীসকলৰ এয়া পাৰস্পৰিক বাদ-প্ৰতিবাদ।
قُلْ إِنَّمَا أَنَا مُنْذِرٌ ۖ وَمَا مِنْ إِلَٰهٍ إِلَّا اللَّهُ الْوَاحِدُ الْقَهَّارُ65
কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الْعَزِيزُ الْغَفَّارُ66
‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ ৰব, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।
قُلْ هُوَ نَبَأٌ عَظِيمٌ67
কোৱা, ‘এইটো এটা মহাসংবাদ,
أَنْتُمْ عَنْهُ مُعْرِضُونَ68
‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।
مَا كَانَ لِيَ مِنْ عِلْمٍ بِالْمَلَإِ الْأَعْلَىٰ إِذْ يَخْتَصِمُونَ69
‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে বাদানুবাদ কৰিছিল।
إِنْ يُوحَىٰ إِلَيَّ إِلَّا أَنَّمَا أَنَا نَذِيرٌ مُبِينٌ70
‘মোৰ ওচৰত এই অহী আহিছে যে, মই কেৱল এজন সতৰ্ককাৰী মাথোন’।
إِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي خَالِقٌ بَشَرًا مِنْ طِينٍ71
স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,
فَإِذَا سَوَّيْتُهُ وَنَفَخْتُ فِيهِ مِنْ رُوحِي فَقَعُوا لَهُ سَاجِدِينَ72
‘এতেকে যেতিয়া আমি তেওঁক সুষম কৰিম আৰু তাত মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁৰ প্ৰতি ছাজদাৱনত হ’বা’।
فَسَجَدَ الْمَلَائِكَةُ كُلُّهُمْ أَجْمَعُونَ73
‘তেতিয়া ফিৰিস্তাসকল আটায়ে ছাজদাৱনত হ’ল,
إِلَّا إِبْلِيسَ اسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ74
কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।
قَالَ يَا إِبْلِيسُ مَا مَنَعَكَ أَنْ تَسْجُدَ لِمَا خَلَقْتُ بِيَدَيَّ ۖ أَسْتَكْبَرْتَ أَمْ كُنْتَ مِنَ الْعَالِينَ75
আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছো, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?
قَالَ أَنَا خَيْرٌ مِنْهُ ۖ خَلَقْتَنِي مِنْ نَارٍ وَخَلَقْتَهُ مِنْ طِينٍ76
সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।
قَالَ فَاخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ77
তেওঁ ক’লে, ‘তুমি ইয়াৰ পৰা ওলাই যোৱা, কিয়নো নিশ্চয় তুমি অভিশপ্ত।
وَإِنَّ عَلَيْكَ لَعْنَتِي إِلَىٰ يَوْمِ الدِّينِ78
‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱস লৈকে’।
قَالَ رَبِّ فَأَنْظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ79
সি ক’লে, ‘হে মোৰ ৰব! এতেকে তুমি মোক অৱকাশ দিয়া সেই দিন লৈকে যিদিনা সিহঁতক পুনৰুত্থিত কৰা হ’ব’।
قَالَ فَإِنَّكَ مِنَ الْمُنْظَرِينَ80
তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তুমি অৱকাশ প্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত,
إِلَىٰ يَوْمِ الْوَقْتِ الْمَعْلُومِ81
‘নিৰ্ধাৰিত সময় উপস্থিত হোৱাৰ দিন লৈকে’।
قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ82
সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! অৱশ্যে মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,
إِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِينَ83
‘কিন্তু সিহঁতৰ মাজৰ তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।
قَالَ فَالْحَقُّ وَالْحَقَّ أَقُولُ84
আল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ,
لَأَمْلَأَنَّ جَهَنَّمَ مِنْكَ وَمِمَّنْ تَبِعَكَ مِنْهُمْ أَجْمَعِينَ85
‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।
قُلْ مَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ وَمَا أَنَا مِنَ الْمُتَكَلِّفِينَ86
কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।
إِنْ هُوَ إِلَّا ذِكْرٌ لِلْعَالَمِينَ87
এয়া কেৱল সৃষ্টিজগতৰ বাবে উপদেশ মাত্ৰ।
وَلَتَعْلَمُنَّ نَبَأَهُ بَعْدَ حِينٍ88
আৰু ইয়াৰ সংবাদ তোমালোকে অৱশ্যে জানিবা, কিছুদিন পিছত।