ছূৰা 36 · জুজ 23
Ya-Sin · 36:70
لِيُنْذِرَ مَنْ كَانَ حَيًّا وَيَحِقَّ الْقَوْلُ عَلَى الْكَافِرِينَ
যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে আৰু কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।
তাফছীৰ
যাতে সেই ব্যক্তিক সতৰ্ক কৰিব পাৰে যাৰ অন্তৰ জীৱিত আৰু বিবেক আলোকিত। কিয়নো এনেকুৱা ব্যক্তিয়েই কোৰআনৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰ ব্যক্তিৰ ওপৰত শাস্তি অনিবাৰ্য হয়, কিয়নো সিহঁতৰ ওচৰত প্ৰমাণ অৱতীৰ্ণ কৰা হৈছে তথা দাৱাত পৌঁচাই দিয়া হৈছে। গতিকে সিহঁতৰ ফালৰ পৰা অজুহাত উপস্থাপন কৰাৰ কোনো অৱকাশ নাথাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক