ছূৰা 36 · জুজ 23

Ya-Sin · 36:69

وَمَا عَلَّمْنَاهُ الشِّعْرَ وَمَا يَنْبَغِي لَهُ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْآنٌ مُبِينٌ

আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;

তাফছীৰ

আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবিতা শিকোৱা নাই, আৰু তেওঁৰ বাবে এয়া উচিতো নহয়। কিয়নো তেওঁৰ স্বভাৱে এইটো কেতিয়াও দাবী নকৰে। এতেকে কিহৰ ভিত্তিত তোমালোকৰ এই দাবী সঁচা হ’ব পাৰে যে, তেওঁ এজন কবি? আমি তেওঁক যি শিকাইছোঁ সেইখন হৈছে উপদেশবাণী, তথা চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে স্পষ্ট কোৰআন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক