ছূৰা 36 · জুজ 23
Ya-Sin · 36:63
هَٰذِهِ جَهَنَّمُ الَّتِي كُنْتُمْ تُوعَدُونَ
এইটোৱেই সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।
তাফছীৰ
এইখনেই সেই জাহান্নাম, কুফৰীৰ প্ৰতিফলস্বৰূপে পৃথিৱীত তোমালোকক যিখনৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই সময়ত তোমালোকে ইয়াক দেখা পোৱা নাছিলা। কিন্তু আজি তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰি আছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক