ছূৰা 36 · জুজ 23
Ya-Sin · 36:62
وَلَقَدْ أَضَلَّ مِنْكُمْ جِبِلًّا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا تَعْقِلُونَ
আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
তাফছীৰ
চয়তানে তোমালোকৰ মাজৰ বহুতকে পথভ্ৰষ্ট কৰিছে। তোমালোকৰ বিবেক নাছিল নেকি, যিটোৱে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আনুগত্য কৰিবলৈ তথা একমাত্ৰ তেওঁৰেই ইবাদত কৰিবলৈ আদেশ দিলেহেঁতেন! তথা চয়তানৰ অনুসৰণৰ পৰা আঁতৰাই ৰাখিলেহেঁতেন, যিজন তোমালোকৰ প্ৰকাশ্য শত্ৰু?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক