ছূৰা 35 · জুজ 22
Fatir · 35:37
وَهُمْ يَصْطَرِخُونَ فِيهَا رَبَّنَا أَخْرِجْنَا نَعْمَلْ صَالِحًا غَيْرَ الَّذِي كُنَّا نَعْمَلُ ۚ أَوَلَمْ نُعَمِّرْكُمْ مَا يَتَذَكَّرُ فِيهِ مَنْ تَذَكَّرَ وَجَاءَكُمُ النَّذِيرُ ۖ فَذُوقُوا فَمَا لِلظَّالِمِينَ مِنْ نَصِيرٍ
আৰু তাত সিহঁতে চিঞঁৰি চিঞঁৰি ক’ব, ‘হে আমাৰ ৰব! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলো তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।
তাফছীৰ
তাত সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা উলিয়াই নিয়া, আমি পৃথিৱীত যি আমল কৰিছিলোঁ তাৰ বিপৰীতে আমি এতিয়া নেক আমল কৰিম, যাতে আমি তোমাৰ সন্তুষ্টি অৰ্জন কৰিব পাৰোঁ আৰু তোমাৰ শাস্তিৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ। ইয়াৰ উত্তৰত আল্লাহে ক’বঃ আমি তোমালোকক ইমানখিনি আয়ু দিয়া নাছিলোনে যে, শিক্ষা গ্ৰহণ কৰিব বিচৰা ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিলেহেঁতেন! তথা আল্লাহৰ ওচৰত তাওবা কৰি সদাচাৰী হ’ব পাৰিলেহেঁতেন?! আনকি তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওচৰত এজন ৰাছুলো আহিছিল। এতেকে এতিয়া তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ কোনো প্ৰমাণো নাই আৰু কোনো উচিত অজুহাতো নাই। গতিকে এতিয়া জাহান্নামৰ শাস্তি ভোগ কৰা। কুফৰ তথা পাপকৰ্মত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো সহায়ক নাই, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব অথবা সেই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক