ছূৰা 35 · জুজ 22

Fatir · 35:36

وَالَّذِينَ كَفَرُوا لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا وَلَا يُخَفَّفُ عَنْهُمْ مِنْ عَذَابِهَا ۚ كَذَٰلِكَ نَجْزِي كُلَّ كَفُورٍ

আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব যে, সিহঁত মৃত্যু বৰণ কৰিব, আৰু সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।

তাফছীৰ

যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতৰ বাবে আছে জাহান্নাম, য’ত সিহঁতে চিৰকাল অৱস্থান কৰিব। সিহঁতৰ বিৰুদ্ধে মৃত্যুৰ ফয়চালাও দিয়া নহ’ব যে, মৃত্যুবৰণ কৰি শাস্তিৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ইপিনে জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এনেকুৱা প্ৰতিফল আমি কিয়ামতৰ দিনা প্ৰত্যেক সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে নিজ প্ৰতিপালকৰ নিয়ামতক অগ্ৰাহ্য কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক