ছূৰা 35 · জুজ 22
Fatir · 35:32
ثُمَّ أَوْرَثْنَا الْكِتَابَ الَّذِينَ اصْطَفَيْنَا مِنْ عِبَادِنَا ۖ فَمِنْهُمْ ظَالِمٌ لِنَفْسِهِ وَمِنْهُمْ مُقْتَصِدٌ وَمِنْهُمْ سَابِقٌ بِالْخَيْرَاتِ بِإِذْنِ اللَّهِ ۚ ذَٰلِكَ هُوَ الْفَضْلُ الْكَبِيرُ
তাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলো তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছো; কিন্তু সিহঁতৰ মাজৰ কিছুমান নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।
তাফছীৰ
তাৰ পিছত আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক কোৰআন প্ৰদান কৰিছোঁ। তেওঁলোকক আমি আন আন উম্মতৰ পৰা নিৰ্বাচিত কৰিছোঁ। তেওঁলোকৰ মাজত আছে কিছুমান অন্যায়কাৰী, যিসকলে হাৰাম কামত লিপ্ত থাকে আৰু জৰুৰী কৰ্মবোৰ পৰিত্যাগ কৰে। তেওঁলোকৰ মাজৰ আন কিছুমান আছে মধ্যমপন্থী, তেওঁলোকে জৰুৰী কামবোৰ পালন কৰে আৰু হাৰাম কৰ্মবোৰ পৰিত্যাগ কৰে, কিন্তু তেওঁলোকে কিছুমান মুস্তাহাব কৰ্মও ত্যাগ কৰে আৰু কিছুমান অপছন্দনীয় কৰ্ম কৰোঁতেও কুণ্ঠাবোধ নকৰে। তেওঁলোকৰ মাজত আন কিছুমান আছে নেক কৰ্মৰ প্ৰতি অগ্ৰগামী। তেওঁলোকে জৰুৰী কামৰ লগতে মুস্তাহাব কৰ্মবোৰো নিয়মিতভাৱে পালন কৰে, তথা হাৰাম আৰু অপছন্দনীয় কামবোৰ পৰিত্যাগ কৰে। ওপৰত যি যি উল্লেখ কৰা হ’ল -অৰ্থাৎ এই উম্মত হৈছে নিৰ্বাচিত তথা এই উম্মতক কোৰআন প্ৰদান কৰা হৈছে- এইবোৰ আল্লাহৰ এটা ডাঙৰ অনুগ্ৰহ, আন কোনো অনুগ্ৰহই ইয়াৰ সমান হ’ব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক