ছূৰা 35 · জুজ 22

Fatir · 35:31

وَالَّذِي أَوْحَيْنَا إِلَيْكَ مِنَ الْكِتَابِ هُوَ الْحَقُّ مُصَدِّقًا لِمَا بَيْنَ يَدَيْهِ ۗ إِنَّ اللَّهَ بِعِبَادِهِ لَخَبِيرٌ بَصِيرٌ

আৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া সত্য, ইয়াৰ পূৰ্বে যি আছিল তাৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।

তাফছীৰ

হে ৰাছুল! আমি আপোনাৰ প্ৰতি যি গ্ৰন্থ অৱতীৰ্ণ কৰিছোঁ, সেইখনেই হৈছে সত্য। য’ত সন্দেহৰ কোনো অৱকাশ নাই। আল্লাহে এইখনক পূৰ্বৱৰ্তী গ্ৰন্থবোৰৰ সমৰ্থনৰ বাবে অৱতীৰ্ণ কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱগত তথা সৰ্বদ্ৰষ্টা। গতিকে তেৱেঁই প্ৰত্যেক উম্মতৰ ৰাছুলৰ প্ৰতি সেই উম্মতৰ আৱশ্যকতা অনুযায়ী অহী প্ৰেৰণ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক