ছূৰা 35 · জুজ 22
Fatir · 35:27
أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ ثَمَرَاتٍ مُخْتَلِفًا أَلْوَانُهَا ۚ وَمِنَ الْجِبَالِ جُدَدٌ بِيضٌ وَحُمْرٌ مُخْتَلِفٌ أَلْوَانُهَا وَغَرَابِيبُ سُودٌ
তুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন বৰ্ণৰ ফলমূল উৎপন্ন কৰো। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা।
তাফছীৰ
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহেই আকাশৰ পৰা বৰষুণৰ পানী বৰষায়। ইয়াৰ পিছত আমিয়েই সেই পানীৰ দ্বাৰা গছ-গছনিক সজীৱ কৰি বিভিন্ন ৰঙৰ ফল সৃষ্টি কৰোঁ, ৰঙা, সেউজীয়া আৰু হালধীয়া আদি। আনহাতে পৰ্বতৰ মাজতো আছে বিভিন্ন ৰঙৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা আদি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক