ছূৰা 35 · জুজ 22

Fatir · 35:26

ثُمَّ أَخَذْتُ الَّذِينَ كَفَرُوا ۖ فَكَيْفَ كَانَ نَكِيرِ

তাৰ পিছত যিসকলে কুফৰী কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলো। এতেকে (চোৱা) কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (শাস্তি)!

তাফছীৰ

ইয়াৰ পিছতো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, লগতে আল্লাহৰ ফালৰ পৰা লৈ অহা ৰাছুলসকলৰ বাৰ্তাবোৰৰ অৱমাননা কৰিছিল। ফলত অস্বীকাৰকাৰীসকলক মই ধ্বংস কৰিছিলোঁ। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, মোক অস্বীকাৰ কৰাৰ পৰিণাম কেনেকুৱা আছিল, যেতিয়া আমি সিহঁতক ধ্বংস কৰিছিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক