ছূৰা 35 · জুজ 22

Fatir · 35:14

إِنْ تَدْعُوهُمْ لَا يَسْمَعُوا دُعَاءَكُمْ وَلَوْ سَمِعُوا مَا اسْتَجَابُوا لَكُمْ ۖ وَيَوْمَ الْقِيَامَةِ يَكْفُرُونَ بِشِرْكِكُمْ ۚ وَلَا يُنَبِّئُكَ مِثْلُ خَبِيرٍ

তোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান কেতিয়াও নুশুনিব আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।

তাফছীৰ

তোমালোকে যদি তোমালোকৰ উপাস্যবোৰৰ ওচৰত প্ৰাৰ্থনা কৰা, তথাপিও সিহঁতে তোমালোকৰ প্ৰাৰ্থনা শুনা নাপাব। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ বস্তু, সেইবোৰৰ মাজত প্ৰাণ নাই তথা সিহঁতৰ শ্ৰৱণশক্তিও নাই। আলোচনাৰ খাতিৰত যদি ধৰি লওঁ যে, সেইবোৰে তোমালোকৰ প্ৰাৰ্থনা শুনা পায়, তথাপিও সেইবোৰে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি জনাব নোৱাৰিব। কিয়ামতৰ দিনা সেইবোৰে তোমালোকৰ উপাসনা আৰু শ্বিৰ্কৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। এতেকে হে ৰাছুল! আল্লাহতকৈ অধিক সত্য সংবাদ আপোনাক আন কোনেও দিব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক