ছূৰা 35 · জুজ 22
Fatir · 35:13
يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ كُلٌّ يَجْرِي لِأَجَلٍ مُسَمًّى ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ لَهُ الْمُلْكُ ۚ وَالَّذِينَ تَدْعُونَ مِنْ دُونِهِ مَا يَمْلِكُونَ مِنْ قِطْمِيرٍ
তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিত, তেৱেঁই সূৰ্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন; প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। তেৱেঁই আল্লাহ তোমালোকৰ ৰব। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে এটা খেজুৰ গুটিৰ পাতল আৱৰণৰো অধিকাৰী নহয়।
তাফছীৰ
আল্লাহে ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰাই দিনক দীৰ্ঘ কৰি দিয়ে। তথা দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰাই ৰাতিক দীৰ্ঘ কৰি দিয়ে। আল্লাহেই চন্দ্ৰ সূৰ্য্যক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে চলমান থাকিব। সেই নিৰ্ধাৰিত সময়ৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। জানি থোৱা উচিত যে, নিৰ্ধাৰিত সময়ৰ দ্বাৰা ইয়াত কিয়ামত বুজোৱা হৈছে। তোমালোকৰ প্ৰতিপালক আল্লাহেই এই সময় নিৰ্ধাৰণ কৰিছে তথা এইবোৰক কামত নিয়োজিত কৰি ৰাখিছে। ৰাজত্ব একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰে খেজুৰৰ গুটিত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়। এতেকে তোমালোকে মোক এৰি কিয় সেইবোৰৰ উপাসনা কৰা?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক