ছূৰা 34 · জুজ 22
Saba · 34:7
وَقَالَ الَّذِينَ كَفَرُوا هَلْ نَدُلُّكُمْ عَلَىٰ رَجُلٍ يُنَبِّئُكُمْ إِذَا مُزِّقْتُمْ كُلَّ مُمَزَّقٍ إِنَّكُمْ لَفِي خَلْقٍ جَدِيدٍ
আৰু কাফিৰসকলে কয়, ‘আমি তোমালোকক এনে এজন ব্যক্তিৰ সন্ধান দিমনে? যিয়ে তোমালোকক সংবাদ দিব যে, তোমালোকৰ দেহ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব তেতিয়া নিশ্চয় তোমালোক নতুন ভাৱে আকৌ সৃষ্ট হ’বা’!
তাফছীৰ
কাফিৰসকলে পৰস্পৰে পৰস্পৰক ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি তথা সেইবোৰক উপলুঙা কৰি কয়ঃ আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে জনাম নেকি, যিয়ে তোমালোকক কয় যে, যেতিয়া তোমালোক মৃত্যুবৰণ কৰিবা আৰু তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ যাব, তাৰ পিছত আকৌ তোমালোকক নতুনকৈ পুনৰ্জীৱিত কৰা হ’ব?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক