ছূৰা 34 · জুজ 22
Saba · 34:6
وَيَرَى الَّذِينَ أُوتُوا الْعِلْمَ الَّذِي أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ هُوَ الْحَقَّ وَيَهْدِي إِلَىٰ صِرَاطِ الْعَزِيزِ الْحَمِيدِ
আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইটোৱে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ নিৰ্দেশ কৰে।
তাফছীৰ
চাহাবাসকলৰ মাজৰ বিদ্যানসকলে আৰু আহলে কিতাবসকলৰ মাজৰ যিসকল বিদ্যান লোকে ঈমান আনিছে, তেওঁলোকে এই সাক্ষ্য প্ৰদান কৰে যে, আল্লাহে আপোনাৰ প্ৰতি অহীৰ দ্বাৰা যি অৱতীৰ্ণ কৰিছে সেয়া পৰম সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। এই সত্যই সেই মহাপৰাক্ৰমশালী সত্তাৰ পথ দেখুৱায়, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ পৃথিৱী আৰু আখিৰাত উভয়তে প্ৰশংসিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক