ছূৰা 34 · জুজ 22

Saba · 34:50

قُلْ إِنْ ضَلَلْتُ فَإِنَّمَا أَضِلُّ عَلَىٰ نَفْسِي ۖ وَإِنِ اهْتَدَيْتُ فَبِمَا يُوحِي إِلَيَّ رَبِّي ۚ إِنَّهُ سَمِيعٌ قَرِيبٌ

কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়ত প্ৰাপ্ত হওঁ সেয়া কেৱল এই বাবে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।

তাফছীৰ

হে ৰাছুল! আপুনি এই অস্বীকাৰ কৰা মুশ্বৰিকসকলক কৈ দিয়ক, যদি মই তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈছোঁ, তেন্তে মোৰ এই পথভ্ৰষ্টতাই মোকহে ক্ষতি কৰিব, ইয়াৰ ফলত তোমালোকৰ একো ক্ষতি নহ’ব। আনহাতে যদি মই হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আছোঁ, তেন্তে ইয়াৰ কাৰণ হৈছে সেই অহী, যিটো মোৰ ওচৰলৈ মোৰ প্ৰতিপালকে প্ৰেৰণ কৰিছে। নিশ্চয় তেওঁ বান্দাসকলৰ কথাবোৰ মনোযোগ সহকাৰে শ্ৰৱণ কৰে। আনকি ইমান ওচৰৰ পৰা শ্ৰৱণ কৰে যে, মোৰ কথা শুনাও তেওঁৰ বাবে কোনো কঠিন বিষয় নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক