ছূৰা 34 · জুজ 22
Saba · 34:30
قُلْ لَكُمْ مِيعَادُ يَوْمٍ لَا تَسْتَأْخِرُونَ عَنْهُ سَاعَةً وَلَا تَسْتَقْدِمُونَ
কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।
তাফছীৰ
হে ৰাছুল! শাস্তিৰ বিষয়ে খৰধৰ কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ তোমালোকৰ বাবে এটা দিন নিৰ্ধাৰিত আছে। গতিকে সেইটো ক্ষন্তেক সময়ো আগুৱাই নাহিব আৰু পিছুৱাইও নাযাব। সেইদিনটো হৈছে কিয়ামতৰ দিন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক