ছূৰা 34 · জুজ 22
Saba · 34:21
وَمَا كَانَ لَهُ عَلَيْهِمْ مِنْ سُلْطَانٍ إِلَّا لِنَعْلَمَ مَنْ يُؤْمِنُ بِالْآخِرَةِ مِمَّنْ هُوَ مِنْهَا فِي شَكٍّ ۗ وَرَبُّكَ عَلَىٰ كُلِّ شَيْءٍ حَفِيظٌ
আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।
তাফছীৰ
ইবলিছৰ ইমান শক্তি নাই যে, সি সিহঁতক পথভ্ৰষ্ট কৰিবলৈ বাধ্য কৰাব পাৰিব। বৰং সিহঁতৰ সন্মুখত সি গুনাহৰ কৰ্মবোৰ শোভনীয় কৰি উপস্থাপন কৰিছিল আৰু সিহঁতক সত্যৰ পৰা আঁতৰোৱাবলৈ প্ৰয়াস কৰিছিল। এই অনুমতি আমি তাক এইকাৰণে প্ৰদান কৰিছিলোঁ, যাতে ইয়াৰ দ্বাৰা প্ৰকাশ হয় যে, কোনে আখিৰাত আৰু তাৰ প্ৰতিদানক বিশ্বাস কৰে আৰু কোনে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সকলো বস্তুৰ সংৰক্ষক। তেৱেঁই বান্দাৰ সকলো কৰ্ম সংৰক্ষণ কৰে। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক