ছূৰা 33 · জুজ 22

Al-Ahzab · 33:69

يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَكُونُوا كَالَّذِينَ آذَوْا مُوسَىٰ فَبَرَّأَهُ اللَّهُ مِمَّا قَالُوا ۚ وَكَانَ عِنْدَ اللَّهِ وَجِيهًا

হে ঈমান্দাৰসকল! মুছাক যিসকলে কষ্ট দিছে তোমালোকে সিহঁতৰ দৰে নহ'বা, এতেকে সিহঁতে যি ৰটনা কৰিছিল আল্লাহে তেওঁক তাৰ পৰা নিৰ্দোষ প্ৰমাণিত কৰিছিল; আৰু তেওঁ আছিল আল্লাহৰ ওচৰত মৰ্যাদাবান।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে ৰাছুলক কষ্ট নিদিবা। অন্যথা তোমালোকেও সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’বা, যিসকলে মুছাক কষ্ট দিছিল। উদাহৰণস্বৰূপে সিহঁতে মুছা আলাইহিচ্ছালামৰ শাৰীৰিক ত্ৰুটি থকা বুলি মিছা প্ৰচাৰ চলাইছিল, ফলত আল্লাহে সিহঁতৰ সেই দাবী মিছা প্ৰমাণিত কৰি এই কথা স্পষ্ট কৰিছিল যে, তেওঁৰ শৰীৰত কোনো ধৰণৰ ত্ৰুটি নাই। নিশ্চয় মুছা আলাইহিচ্ছালাম আছিল আল্লাহৰ ওচৰত অতি সন্মানীয় ব্যক্তি। তেওঁৰ প্ৰাৰ্থনা কেতিয়াও ব্যৰ্থ হোৱা নাছিল তথা তেওঁৰ প্ৰয়াসো বিফল হোৱা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক