ছূৰা 33 · জুজ 22

Al-Ahzab · 33:67

وَقَالُوا رَبَّنَا إِنَّا أَطَعْنَا سَادَتَنَا وَكُبَرَاءَنَا فَأَضَلُّونَا السَّبِيلَا

সিহঁতে আৰু ক’ব, ‘হে আমাৰ ৰব! আমি আমাৰ নেতৃবৰ্গ আৰু বিশিষ্ট লোকসকলৰহে আনুগত্য কৰিছিলো আৰু সিহঁতেহে আমাক পথভ্ৰষ্ট কৰিছিল;

তাফছীৰ

সিহঁতে এটা অত্যন্ত তুচ্ছ আৰু নিম্নমানৰ প্ৰমাণ দাঙি ধৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি আমাৰ নেতাসকলৰ তথা প্ৰমুখ লোকসকলৰ অনুসৰণ কৰিছিলোঁ। সিহঁতেই আমাক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক