ছূৰা 33 · জুজ 22
Al-Ahzab · 33:63
يَسْأَلُكَ النَّاسُ عَنِ السَّاعَةِ ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ اللَّهِ ۚ وَمَا يُدْرِيكَ لَعَلَّ السَّاعَةَ تَكُونُ قَرِيبًا
মানুহে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ইয়াৰ প্ৰকৃত জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে’। কিহে তোমাক জনাব? সম্ভৱত কিয়ামত অতি শীঘ্ৰেই হ’ব পাৰে।
তাফছীৰ
হে ৰাছুল! মুশ্বৰিকসকলে নাকচ কৰাৰ আৰু অস্বীকাৰ কৰাৰ সুৰত আপোনাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে, তথা ইয়াহুদীসকলেও এই প্ৰশ্ন কৰে যে, কিয়ামত কেতিয়া সংঘটিত হ’ব? আপুনি ইহঁতক কৈ দিয়ক যে, কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে, এই বিষয়ে মোৰ ওচৰত কোনো তথ্য নাই। হে ৰাছুল! আপুনি কেনেকৈ উপলব্ধি কৰিব, হয়তো কিয়ামত অতি সন্নিকট?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক