ছূৰা 33 · জুজ 22

Al-Ahzab · 33:45

يَا أَيُّهَا النَّبِيُّ إِنَّا أَرْسَلْنَاكَ شَاهِدًا وَمُبَشِّرًا وَنَذِيرًا

হে নবী! অৱশ্যে আমি তোমাক সাক্ষী, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো;

তাফছীৰ

নিশ্চয় আমি আপোনাক মানুহৰ প্ৰতি সাক্ষী হিচাপে প্ৰেৰণ কৰিছোঁ, যাতে আপুনি এই কথাৰ সাক্ষ্য দিব পাৰে যে, আপোনাক যি বাৰ্তাসহ প্ৰেৰণ কৰা হৈছিল, আপুনি সেইটো হুবহু পৌঁচাই দিছে। তথা মুমিনসকলক সেই জান্নাতৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছোঁ, যিখন আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। লগতে আপোনাক প্ৰেৰণ কৰিছোঁ কাফিৰসকলক সেই শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যিটো আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক