ছূৰা 33 · জুজ 22
Al-Ahzab · 33:40
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
তাফছীৰ
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতা নহয়। তেখেত যায়েদৰো পিতা নহয় যে, তেখেত যায়েদৰ তালাক দিয়া স্ত্ৰীক বিবাহ কৰিব নোৱাৰিব। কিন্তু তেওঁ হৈছে মানুহৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে তেওঁ হৈছে সৰ্বশেষ নবী, তেওঁৰ পিছত আন কোনো নবী নাই। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক