ছূৰা 33 · জুজ 22

Al-Ahzab · 33:39

الَّذِينَ يُبَلِّغُونَ رِسَالَاتِ اللَّهِ وَيَخْشَوْنَهُ وَلَا يَخْشَوْنَ أَحَدًا إِلَّا اللَّهَ ۗ وَكَفَىٰ بِاللَّهِ حَسِيبًا

তেওঁলোকে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল, আৰু তেওঁকে ভয় কৰিছিল আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। হিচাপ গ্ৰহণকাৰীৰূপে আল্লাহেই যথেষ্ট।

তাফছীৰ

সেই নবীসকলে আল্লাহে অৱতীৰ্ণ কৰা বাৰ্তাসমূহক তেওঁলোকৰ উম্মতৰ ওচৰত পৌঁচাই দিছিল। আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। আল্লাহে হালাল কৰা বিষয় এটা পালন কৰিবলৈ কেতিয়াও মানুহৰ টীকা-টিপ্পনীক ভ্ৰূক্ষেপ কৰা নাছিল। বান্দাসকলৰ কৰ্মৰ সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট। যাতে সিহঁতৰ হিচাপ গ্ৰহণ কৰিব পাৰে, আৰু সিহঁতক প্ৰতিদান দিব পাৰে। ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰিব, আৰু বেয়া কাম কৰিলে বেয়া ফলাফল পাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক