ছূৰা 33 · জুজ 22
Al-Ahzab · 33:36
وَمَا كَانَ لِمُؤْمِنٍ وَلَا مُؤْمِنَةٍ إِذَا قَضَى اللَّهُ وَرَسُولُهُ أَمْرًا أَنْ يَكُونَ لَهُمُ الْخِيَرَةُ مِنْ أَمْرِهِمْ ۗ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَقَدْ ضَلَّ ضَلَالًا مُبِينًا
আল্লাহ আৰু তেওঁৰ ৰাছুলে কোনো বিষয়ৰ ফয়চালা দিলে কোনো মুমিন পুৰুষ অথবা কোনো মুমিন নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ আন কোনো (সিদ্ধান্তৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিলে সি স্পষ্টভাৱে পথভ্ৰষ্ট হৈ গ’ল।
তাফছীৰ
আল্লাহ আৰু তেওঁৰ ৰাছুলে যদি কোনো বিষয়ত ফয়চালা দিয়ে তেন্তে সেই ক্ষেত্ৰত কোনো মুমিন পুৰুষ আৰু কোনো মুমিনা নাৰীৰ বাবে সেই ফয়চালা স্বীকাৰ কৰাৰ বা প্ৰত্যাখ্যান কৰাৰ কোনো বিকল্প নাথাকে। যিয়েই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, সি নিশ্চিতভাৱে সঠিক পথৰ পৰা স্পষ্টৰূপে বিভ্ৰান্ত হ’ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক