ছূৰা 33 · জুজ 22

Al-Ahzab · 33:35

إِنَّ الْمُسْلِمِينَ وَالْمُسْلِمَاتِ وَالْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ وَالْقَانِتِينَ وَالْقَانِتَاتِ وَالصَّادِقِينَ وَالصَّادِقَاتِ وَالصَّابِرِينَ وَالصَّابِرَاتِ وَالْخَاشِعِينَ وَالْخَاشِعَاتِ وَالْمُتَصَدِّقِينَ وَالْمُتَصَدِّقَاتِ وَالصَّائِمِينَ وَالصَّائِمَاتِ وَالْحَافِظِينَ فُرُوجَهُمْ وَالْحَافِظَاتِ وَالذَّاكِرِينَ اللَّهَ كَثِيرًا وَالذَّاكِرَاتِ أَعَدَّ اللَّهُ لَهُمْ مَغْفِرَةً وَأَجْرًا عَظِيمًا

নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিম নাৰী, মুমিন পুৰুষ আৰু মুমিন নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।

তাফছীৰ

নিশ্চয় আল্লাহৰ ওচৰত নত স্বীকাৰ কৰা পুৰুষসকল আৰু নত স্বীকাৰকাৰিণী নাৰীসকল; আল্লাহৰ বাবে দান কৰা পুৰুষসকল আৰু দানশীলা নাৰীসকল; আল্লাহৰ আনুগত্য কৰা পুৰুষসকল আৰু আনুগত্য কৰা নাৰীসকল; কথা আৰু ঈমানত সত্যবাদী পুৰুষসকল আৰু সত্যবাদী নাৰীসকল; বিপদ-আপদ আৰু গুনাহৰ পৰা আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰা পুৰুষসকল আৰু ধৈৰ্য্যধাৰিণী নাৰীসকল; নিজৰ সম্পদৰ দ্বাৰা ফৰজ তথা নফল চাদাকাহ-খয়ৰাত কৰা পুৰুষসকল আৰু নাৰীসকল; ফৰজ তথা নফল ৰোজা পালন কৰা পুৰুষসকল আৰু নাৰীসকল; নিজৰ লজ্জাস্থান সুৰক্ষিত ৰখা পুৰুষসকল আৰু নাৰীসকল, যিসকলে নিজৰ লজ্জাস্থান এনে লোকৰ সন্মুখত উন্মুক্ত নকৰে যিসকলৰ বাবে জায়েজ নহয়। লগতে তেওঁলোকে ব্যভিচাৰ আদিৰ দৰে অশ্লীলতাৰ পৰা আৰু ইয়াৰ মাধ্যমসমূহৰ পৰা দূৰত্ব অৱলম্বন কৰে। প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে আল্লাহক অধিক স্মৰণ কৰা পুৰুষ আৰু নাৰীসকল, এই সকলোৰে বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত। আৰু কিয়ামতৰ দিনা তেওঁলোকৰ বাবে প্ৰস্তুত থাকিব মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক