ছূৰা 33 · জুজ 21
Al-Ahzab · 33:17
قُلْ مَنْ ذَا الَّذِي يَعْصِمُكُمْ مِنَ اللَّهِ إِنْ أَرَادَ بِكُمْ سُوءًا أَوْ أَرَادَ بِكُمْ رَحْمَةً ۚ وَلَا يَجِدُونَ لَهُمْ مِنْ دُونِ اللَّهِ وَلِيًّا وَلَا نَصِيرًا
কোৱা, ‘কোনে তোমালোকক আল্লাহৰ পৰা ৰক্ষা কৰিব, যদি তেওঁ তোমালোকক কোনো ক্ষতি কৰিব বিচাৰে, নাইবা তোমালোকক ৰহমত দান কৰিব বিচাৰে’? আৰু সিহঁতে আল্লাহৰ বাহিৰে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়কাৰী নাপাব।
তাফছীৰ
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি আল্লাহে তোমালোকক মৃত্যু দান কৰিব বিচাৰে অথবা হত্যা কৰিব বিচাৰে, যিটোক তোমালোকে অপছন্দ কৰা, নাইবা তেওঁ যদি তোমালোকক নিৰাপত্তা তথা কল্যাণ দান কৰিব বিচাৰে, যিটোক তোমালোকে পছন্দ কৰা তেন্তে কোৱাচোন! তেওঁক বাধা দিব পৰা কোনোবা আছেনে? নিশ্চিতৰূপে তোমালোকক ৰক্ষা কৰিব পৰা কোনো নাই। এই মুনাফিকসকলে আল্লাহৰ বাহিৰে আন কোনো সংৰক্ষক বিচাৰি নাপাব, যিয়ে সিহঁতক সুৰক্ষা প্ৰদান কৰিব পাৰিব। আৰু কোনো সহায়কো বিচাৰি নাপাব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক