ছূৰা 33 · জুজ 21

Al-Ahzab · 33:16

قُلْ لَنْ يَنْفَعَكُمُ الْفِرَارُ إِنْ فَرَرْتُمْ مِنَ الْمَوْتِ أَوِ الْقَتْلِ وَإِذًا لَا تُمَتَّعُونَ إِلَّا قَلِيلًا

কোৱা, ‘যদি তোমালোকে মৃত্যু অথবা হত্যাৰ ভয়ত পলাব বিচাৰিছা, তেন্তে সেই পলায়ন তোমালোকৰ কোনো উপকাৰত নাহিব, কিন্তু তেনে ক্ষেত্ৰত তোমালোকক অকণমানহে ভোগ কৰিবলৈ সুযোগ দিয়া হ’ব’।

তাফছীৰ

হে ৰাছুল! আপুনি সেই লোকসকলক কৈ দিয়ক যে, যদি তোমালোকে মৃত্যু অথবা হত্যাক ভয় কৰি যুদ্ধৰ পৰা পলায়ন কৰিব বিচাৰিছা, তেন্তে জানি থোৱা! এই পলায়নে তোমালোকক একো উপকাৰ কৰিব নোৱাৰিব। কাৰণ মৃত্যুৰ সময় নিৰ্ধাৰিত আছে। এতেকে যদি তোমালোকে পলায়ন কৰা, ইপিনে তোমালোকৰ মৃত্যুৰ সময়ো যদি নিকটৱৰ্তী নাথাকে, তথাপিও তোমালোকে অতি কম সময়হে পাৰ্থিৱ জীৱন উপভোগ কৰিব পাৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক