ছূৰা 31 · জুজ 21

Luqman · 31:7

وَإِذَا تُتْلَىٰ عَلَيْهِ آيَاتُنَا وَلَّىٰ مُسْتَكْبِرًا كَأَنْ لَمْ يَسْمَعْهَا كَأَنَّ فِي أُذُنَيْهِ وَقْرًا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ

আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।

তাফছীৰ

যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সি সেইবোৰ মনোযোগ সহকাৰে শুনাৰ বিপৰীতে এনেকৈ অহংকাৰ কৰি উভতি যায় যেনিবা সি একো শুনাই নাই। যেনিবা সি এজন বধিৰ, শ্ৰৱণশক্তি নাইকীয়া হৈছে। হে ৰাছুল! আপুনি এনেকুৱা লোকক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি তাৰ বাবে অপেক্ষা কৰি আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক