ছূৰা 31 · জুজ 21

Luqman · 31:6

وَمِنَ النَّاسِ مَنْ يَشْتَرِي لَهْوَ الْحَدِيثِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ

আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।

তাফছীৰ

মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে (উদাহৰণস্বৰূপে নজৰ বিন হাৰিছ), যিসকলে আল্লাহৰ পৰা অমনোযোগী কৰিব পৰা বস্তুবোৰ ক্ৰয় কৰে, যাতে মানুহক আল্লাহৰ দ্বীনৰ পৰা কোনো তথ্য নোহোৱাকৈয়ে আঁতৰাই আনিব পাৰে। তথা আল্লাহৰ আয়াতসমূহক হাঁহিয়াতৰ পাত্ৰ বনাই লয় আৰু সেইবোৰক লৈ উপহাস কৰে। এনেকুৱা স্বভাৱৰ লোকসকলৰ বাবেই আখিৰাতত আছে অতি লাঞ্ছনাদায়ক শাস্তি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক