ছূৰা 31 · জুজ 21

Luqman · 31:29

أَلَمْ تَرَ أَنَّ اللَّهَ يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ كُلٌّ يَجْرِي إِلَىٰ أَجَلٍ مُسَمًّى وَأَنَّ اللَّهَ بِمَا تَعْمَلُونَ خَبِيرٌ

তুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

তাফছীৰ

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে ৰাতিক হ্ৰাস কৰে দিনৰ পৰিধি বৃদ্ধি কৰিবলৈ। আনহাতে দিনক হ্ৰাস কৰে ৰাতিৰ পৰিধি বৃদ্ধি কৰিবলৈ। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিছে, সেয়ে সেইবোৰে নিৰ্দিষ্ট সময়লৈকে নিজ নিজ গতি পথত ঘূৰি আছে। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ নিশ্চিতভাৱে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক