ছূৰা 31 · জুজ 21
Luqman · 31:28
مَا خَلْقُكُمْ وَلَا بَعْثُكُمْ إِلَّا كَنَفْسٍ وَاحِدَةٍ ۗ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ
তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
তাফছীৰ
হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে সৃষ্টি কৰা আৰু পুনৰুত্থিত কৰা বিষয়টো এটা প্ৰাণ সৃষ্টি কৰাৰ দৰেই সহজ। নিশ্চয় আল্লাহ সকলো কথা শ্ৰৱণকাৰী। কোনো কথা শুনিবলৈ তেওঁক আন কোনো কথাই অসুবিধা নকৰে। এটা বস্তু দেখিবলৈ তেওঁ আনটো বস্তুৰ পৰা কেতিয়াও অমনোযোগী নহয়। ঠিক সেইদৰে কোনো এটা প্ৰাণীক সৃষ্টি কৰিবলৈ আৰু পুনৰুত্থিত কৰিবলৈ আন কোনো প্ৰাণীৰ সৃষ্টিৰ পৰা তথা পুনৰুত্থান কৰাৰ পৰা তেওঁ অমনোযোগী নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক