ছূৰা 31 · জুজ 21

Luqman · 31:18

وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِي الْأَرْضِ مَرَحًا ۖ إِنَّ اللَّهَ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ

আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।

তাফছীৰ

অহংকাৰ কৰি মানুহৰ পৰা নিজৰ মুখ ঘূৰাই নল’বা, আৰু পৃথিৱীত অতিমাত্ৰা আনন্দিত হৈ তথা নিজক উৎকৃষ্ট বুলি ভাৱি গৌৰৱ দেখুৱাই চলাফুৰা নকৰিবা। কাৰণ নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায়, যিসকলে চলাফুৰাত অহংকাৰ কৰে আৰু নিয়ামত পাই মানুহৰ সন্মুখত গৌৰৱ কৰে, লগতে আল্লাহৰ কৃতজ্ঞতাও জ্ঞাপন নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক