ছূৰা 30 · জুজ 21
Ar-Rum · 30:60
فَاصْبِرْ إِنَّ وَعْدَ اللَّهِ حَقٌّ ۖ وَلَا يَسْتَخِفَّنَّكَ الَّذِينَ لَا يُوقِنُونَ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু যিসকলে দৃঢ় বিশ্বাসী নহয় সিহঁতে যেন তোমাক বিচলিত কৰিব নোৱাৰে।
তাফছীৰ
হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। আল্লাহে আপোনাক সহায় কৰাৰ আৰু প্ৰতিষ্ঠিত কৰাৰ যি প্ৰতিশ্ৰুতি দান কৰিছে, নিশ্চিতভাৱে সেই প্ৰতিশ্ৰুতি সত্য। ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। আখিৰাতৰ পুনৰ্জীৱনক বিশ্বাস নকৰা লোকসকলে যাতে আপোনাক উচটনি দিব নোৱাৰে, অধৈৰ্য্য হ’বলৈ তথা খৰধৰ কৰিবলৈ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক