ছূৰা 30 · জুজ 21

Ar-Rum · 30:54

۞ اللَّهُ الَّذِي خَلَقَكُمْ مِنْ ضَعْفٍ ثُمَّ جَعَلَ مِنْ بَعْدِ ضَعْفٍ قُوَّةً ثُمَّ جَعَلَ مِنْ بَعْدِ قُوَّةٍ ضَعْفًا وَشَيْبَةً ۚ يَخْلُقُ مَا يَشَاءُ ۖ وَهُوَ الْعَلِيمُ الْقَدِيرُ

আল্লাহেই সেই সত্তা যিজনে তোমালোকক সৃষ্টি কৰে দুৰ্বল বস্তুৰ পৰা, আৰু তেৱেঁই দুৰ্বলতাৰ পিছত শক্তি দান কৰে; শক্তিৰ পিছত আকৌ দুৰ্বলতা আৰু বাৰ্ধক্য দিয়ে। তেওঁ যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু তেৱেঁই সৰ্বজ্ঞ, সৰ্বক্ষম।

তাফছীৰ

হে মানৱজাতি! আল্লাহেই তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকক শৈশৱৰ নিৰ্বলতাৰ পিছত যৌৱনৰ শক্তি প্ৰদান কৰিছে। আকৌ যৌৱনৰ শক্তিৰ পিছত পুনৰ বৃদ্ধ বয়সৰ দুৰ্বলতা আৰু বলহীনতা প্ৰদান কৰিব। শক্তি সামৰ্থই হওক অথবা দুৰ্বলতা, আল্লাহে নিজ ইচ্ছামতে সৃষ্টি কৰে। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ মহাশক্তিশালী, তেওঁৰ শক্তিৰ বাহিৰত একোৱেই নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক